আশা ভাঙি গঢ়ি আহিছো আগবাঢ়ি
পদে পদে হতাশাইহে ধৰে সাৱতি
বাস্তৱ পোহৰ কৰি নজ্বলেহে নজ্বলে
স্বপ্নীল নয়নৰ স্বৰ্ণালি চাকি গছি
আপেক্ষাৰ অনলত দুখে ভৰা দুৰ্দিনত
জ্বলি পুৰি ছাঁই হৈ গৈছে দিনৰাতি
প্ৰতীক্ষাৰ অন্ত নাই তৃষাৰো শেষ নাই
আগুৱাইছো অক্লান্ত সংগ্ৰাম কৰি
দুৰ্মদ দুৰ্য্যোগ আহি ভাঙে মোৰ ঘৰ বাৰী
ভৰ বাৰিষাৰ বানত যায় উটি ভাঁহি
যদিও হেৰুৱাও থৰ পুণৰ সাজি লওঁ ঘৰ
কাল ধুমুহাই ভাঙে পুনু মষিমূৰ কৰি
অনিৰ্বাণ ধুমুহাই অজান হিয়া কঁপাই
ৰওঁ বাৰে বাৰে হিয়া মন থিৰ কৰি
জ্বলিব এদিন চাকি জীৱন পোহৰ কৰি
দুৰ্বিসহ দুখবোৰো এদিন যাব আঁতৰি
আশাৰ চাকি জ্বলাই ৰৈ আছো বাট চাই
সপোনবোৰ বাস্তৱ হ’ব বুলি ভাৱি
ধিমিকি ধিমিকি জ্বলা চাকিৰ তলত বহি
ৰাতিবোৰ আছো মাথো পাৰ কৰি
পাৰ হৈছে দিনবোৰ মাথো কান্দি কান্দি
সুখৰ মুখ কোনোদিনে নেপালো দেখি
অশ্ৰুৰে জীৱন জানা নিকা কৰিব নোৱাৰি
ত্ৰাস সন্ত্ৰাসেৰে দিনবোৰ যায় বাগৰি
কৰ্ম ভাগ্য তৃষা স্বপ্ন সকলোৱেই অসাৰ
নিয়তিৰ চাতুৰী একো বুজিব নোৱাৰি
কৰিছো খাইছো মাথো জীয়াই আছো
জীৱন সাৰ্থক বুলি ক’বই নোৱাৰি