মই হয়তো
কবিতাৰ বাবেই জীয়াই আছো
কবিত্বৰ মহত্ত্বৰে মুগ্ধ মোৰ আত্মাৰ অনুভৱেৰে
মই নিত্য সত্য সৌন্দৰ্যৰ সুৱাসী সপোন দেখো
সঁচা মানুহৰ সঁচা পৃথিৱীৰ সপোন ৰচো
কবিতাৰ বাবেই
মোৰ অন্তৰৰ অপাৰ তৃষ্ণা
কাব্যৰসামৃততেই ডুবি থাকে নিতে
মোৰ কাব্যৰসামৃত বিভোৰ অন্তৰ আত্মা
মই কবিতা বিছাৰো
মাথোন কবিতা
অনিন্দ্যসুন্দৰ সূৰ্য্য বুলীয়া সুৰম্য কবিতা
ষড়ৰসসিক্ত নৱৰসসিদ্ধ সেউজীয়া কবিতা
তুমি মোক মাথোন কবিতা দিয়া
তোমাৰ আত্মিক ভাষাৰে
মই মোৰ আত্মাক চাব খোজো
কবিতাৰ অপ্ৰতিম ৰসেৰেই জ্বলাব বিছাৰো
আত্মোপম আত্মাৰ পৰমাত্মিক শলিতা
আজীৱন মই কবিতাৰ অপ্ৰতিৰোধ্য প্ৰেমিক
অবিৰল কবিতা প্ৰেম মোৰ নৈসৰ্গিক
অভিনিৱিষ্ট ব্ৰহ্মময় অভিব্যঞ্জনা
অলক্তৰাগী অৰিন্দম অৰবিন্দৰে সুশোভিত
অৱমোচন প্ৰদানী মহা অববুদ্ধ মৃত্যুও অসমৰ্থ
বিধ্বস্ত কৰিবলৈ মোৰ কাব্য প্ৰেমৰ প্ৰাৱল্য
কবিতাই মোৰ জীৱনৰ লাৱন্য সবিতা
প্ৰাণভৰি ভালপাওঁ কবিতা
জীয়াই থাকিবলৈ লাগে মোক
কবিতা আৰু কবিতা
কাব্যশিল্পৰ ঝংকাৰী শব্দৰ মাজেৰে
স্পন্দিত শব্দ বিচ্ছুৰিত ভাৱৰ লহৰে লহৰে
বৈ যায় অনাবিল তৰঙ্গায়িত মধুময় মূৰ্চ্ছনাৰে
অনন্য অপূৰ্ব মহত্ত্বমণ্ডিত আশ্চৰ্য মুগ্ধতা
অনিবৰ্চনীয় য’ত সত্য সুন্দৰৰ প্ৰজ্ঞানী মালিতা
কবিতাৰ প্ৰেমত পৰি পোৱাযদি কেতিয়াবা
কণক কান্তি ক্ৰান্তদৰ্শনী কাব্যিক কৈৱল্যতা
গূঢ় গ্ৰাঢ় অনন্ত ৰহস্য তাৰ তুমিও বুজি পাবা
আজি দিয়া মোক মাথোন কবিতা
সুখ দুখ নৱৰসদীপ্ত কবিতা
অনিন্দ্য সুন্দৰ কৰুণা কান্তিময় কবিতা
কবিতাৰ বাবেই মই জীয়াই আছো
শান্তিৰে জীয়াই থাকিবলৈ
বিছাৰো মাথোন কবিতাৰ সুষমা