দায়িত্ব তাগিদাত নে
কৰ্তব্য তাগিদাত নে
নৈতিক নিয়ন্তাৰ স্বাৰ্থত,
আপোচহীনতাত
পকনীয়াৰ পাকৰ দৰে সোমায় পৰিলো
তোক ভালপোৱাৰ বাবে।
নিচাগ্ৰস্ত
কেৱল তোৰ বাবে
আৰু তই মায়াৱী সপোন,
তোৰ শব্দৰ মায়াত প্ৰথম প্ৰেমৰ কঁপনি।
তোৰ দৰে মোৰো আছে হৃদয়
আছে তাত ভৰি
প্ৰেম-ভালপোৱ ,দুখ-সুখ,মান-অভিমান
কবিতা ভালপোৱা মানুহে
সাৰে থাকে ওৰে ৰাতি ৰাতিটো।