গোমা আকাশৰ
কলিয়া ডাৱৰ ফালি
কাঁচিয়লি ৰদে পোহৰ মেলিছে।
কাঁচিয়লি ৰ’দে চুমিচে পথাৰখনক,
আৰু সেউজীয়া খিনি আৰু সেউজীয়া হৈ উজ্বলি উঠিছে ৰূপালী ৰ’দ।
ক্ৰমশঃ এটি সোণালী সুৰ হৈ
বিয়পি পৰিছে চৌদিশে ধৰাৰ বুকুত।
কাঁচিয়লি ৰ’দৰ চুমা পৰশত
পথাৰৰ দুবৰিত থকা নিয়ৰবোৰ
উজ্বলি উঠিছে একো একোটা মুকুতাৰ মণি হৈ।
পথৰুৱা ৰোৱণীৰ দেহত পৰি
কাঁচিয়লি ৰ’দৰ আভাই
গালে মুখে সানি দিছে মুঠি মুঠি আবিৰ আৰু
কপালত বিন্দু বিন্দু ঘামৰ টোপাল।