মই তোমাৰ শৰীৰত
কেৰেলুৱাৰ দৰে
বগাই গৈছিলোঁ।
তোমাৰ দেহৰ
প্ৰতিটো ভাঁজত
জুখিছিলো
উঠা নমাৰ গভীৰতা।
হৃদয়ত সোমাই
জুমি চাইছিলো
অঁকা আছেনে
মোৰ ছবিখন।
তুমি লাজতে
কুচি মুচি হৈ
বহি পৰিছিলা
বাৰে বাৰে মোক
এৰুৱাই দিছিলা
অভিমানত।
মই আৰু বেছি
খৰকৈ বগাই গৈছিলো
তোমাৰ মৰমৰ
জোখবোৰ পুনৰ
জুখিবলৈ
ঠিকেই আছে নে নাই?