হেৰ ‘ অধৰ্মী লালুকসোলা বৰফুকন
পাৰিলি জানো তোৰ নিঃকিন চিন্তাৰ
জয়গান গাব!
পাৰিলি জানো ক্ষমতাৰে সিংহাসন লব!
অসম জননীৰ গৰ্ভজাত কন্যা সন্তান, জয়মতী মই
তেজত মোৰ শত বীৰৰ বীৰত্ব প্ৰৱাহিত
কলিজাত মোৰ হেজাৰ শ্বহীদৰ
সাহসীকতা সমাহিত
বিশ্বাস মোৰ অলৰ অচৰ
নিষ্ঠা মোৰ অটল
লাই লেচাইৰ দৰে বীৰ পুৰুষৰ
জীৱনদায়িনী জননী মই;
গদাধৰ সিংহৰ দৰে স্থিৰপ্ৰজ্ঞ কুঁৱৰৰ
জীৱন ৰক্ষক পত্নী মই;
যদিহে মোৰ সন্তানৰ ছাঁ টো স্পৰ্শ কৰে কোনো অপআত্মাই!
সংহাৰ কৰি যাম মোৰ মনৰ অগ্নিয়ে সিহঁতক
যদিহে মোৰ স্বামীৰ ওপৰত কু দৃষ্টি পৰে কোনো বিধ্বংসীৰ!
চকু কাঢ়ি আনিম মোৰ সহন শক্তিয়ে
তেনেহলে হেৰ ‘লৰা ৰজা ভাবি চা এবাৰ
মাতৃভূমিৰ বাবে মই কি কি কৰিব পাৰিম
মানৱধৰ্ম শিক হেৰ অধৰ্মীহঁত ;
নাৰীক মাতৃ, দেৱী, গোঁসানী দৰে
পূজা কৰা দেশত
মানৱৰূপী দানৱে কতনো যাতনা বিহিলি
যুগে যুগে তঁহতৰ নাম লোৱা যাব ঘৃণনীয় ভাৱে
জয়মতী আই বুলি মোক সৰ্বকালে পূজিব সন্মান সহকাৰে
নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে এগৰাকী নাৰীক কোঁটকুৰা গছত বান্ধি চাবুকেৰে কোবালি;
গদাপানীৰ খবৰ নাপাই গৰম তেল ঢালি শাস্তি বিহিলি;
চৈধ্য দিনৰ তঁহতৰ নিষ্ঠুৰ যাতনা সহি মই আৰু অসহায় হৈ পৰিলো;
মৃত্যুয়ে হওক মোৰ! দেশৰ সুমঙ্গলৰ বাবে মোৰ সন্তান থাকিব জীয়াই;
অধৰ্মীক বধি সোণৰ অসম গঢ়িব
মোৰ আত্মাই আকাশে বতাহে দেশৰ মঙ্গলৰ জয়ধ্বনি দিব
দুটি সন্তানে মোৰ, অসমৰ দহোদিশে শ্ৰীবৃদ্ধিৰ সপোন ৰচিব
হে মোৰ দেশমাতৃৰ সু সন্তানহঁত,
অন্যায় অবিচাৰক নিদিবা কেতিয়াও প্ৰশ্ৰয়
লাগিলে জীৱনকে আহুতি দিবা হেলাৰঙে
তেহে জেৰেঙা পথাৰৰ বলিদানৰ মান থাকিব সদায়ে