ধুমুহাত গছবোৰে
নাচিছে হালি জালি
যেন চঞ্চলা ষোড়শী
গাভৰুৰ লাহি ককাল
ভাঙিছে নাচোনত।
উফৰি পৰিছিল
চৰাইৰ বাহবোৰ
পোৱালিৰ ক্ৰন্দনত
থিতাপি হেৰাই ক্ৰমাত।
হেৰোৱা সুৰৰ
ছন্দ বিচাৰি হাঁহাকাৰ
দুৰ্ভগীয়া কলাকাৰৰ।
বীনাত নাবাজে
সুৰৰ মুৰ্ছনা
তাঁৰ ছিঙি হয় থানবান
আঙুলিৰ ছেপাত।
একেটি ছন্দেৰে গথাঁ
জীৱনৰ পৰিক্ৰমাই
পৰাপাৰ বিচাৰি হয়
নিঠৰুৱা।
জ্বলাই ৰাখিব খোজা
জীৱনৰ শলিতাই
বিচাৰি ফুৰিছে
খাদ্যৰ টুকুৰা।
তথাপিও থাকিব জীয়াই
শেষ বিন্দুলৈকে
আশাৰ শইচকে
বুকুত খামুচি।।