মই বুজি নাপাও যে,
জীৱনটো আচলতে কি
জীৱনটোত যদি বহু দুখ
পাব লগা হয়েই
তেতিয়াহলে সেই
দুখবোৰৰ মাজত
অকনমান অকনমান সুখৰ
প্ৰয়োজন কি?
যদি এদিন আমি
কান্দিব লাগেই,
তেতিয়াহলে
সেই অকনমান হাহিৰ
প্ৰয়োজন কি?

এই মানুহৰ জীৱনতো
আচলতে কি?
এদিন আমি সকলো
মৰিবই লাগিব,
তেন্তে আমি কৰা
অহ্ংকাৰবোৰৰ
প্ৰয়োজন কি?

মানুহৰ প্ৰয়োজনৰ
কেতিয়াও শেষ নাই।
জীৱনত একোৰেই আমি
সন্তুষ্ট নহও,
লাখ লাখ
টকা থাকিলেও,
ডাঙৰ ডাঙৰ
অট্টালিকা থাকিলেও
আমাক কেৱল আৰু লাগে।

মই কেতিয়াবা ভাবো যে
আমাৰ দৰে দুখীয়া
মানুহবোৰৰ বাবে
জীৱন মানেই সংগ্ৰাম।
আমি সংগ্ৰাম(কষ্ট) কৰিলেহে
দুবেলা দুসাজ খাব পাম।

আমাৰ দৰে মানুহবোৰে
হাজাৰ দুখৰ মাজতো সুখ
বিচাৰিব লাগিব,
অলপতে সকলো আছে
বুলি বুজিব লাগিব
আচলতে এয়েই
আমাৰ সুখী জীৱন।

Related Posts