আইৰ চকুৰমণি মই
পিতাইৰো গৌৰৱৰ কাৰণ মই
আইয়ে কয়, ‘সোন’ বৰমানুহ হৈ
মোক সুখত ৰাখিবি;
পিতাই কয়, যতেই পাৱ জ্ঞান- শিক্ষা বুটলিবি
বাহিৰা কথাবোৰ চকুমুদি আগুৱাবি;
তেহে বংশৰ থাকিব মান;
জীৱনে দিবগৈ উচ্চ স্থান;
খুড়া , বৰদেউতা,মামা, মাহী,
ওচৰচুবুৰীয়াই আপোচবিহিন মৰমেৰে কয় ,
শৰীৰ ঠিকে ৰাখি পঢ়া শুনা কৰা ,
আমাৰ চুবুৰীৰ নাম উজ্বলাই যোৱা ;
নৈতিক শিক্ষাৰে সকলোৱে
মোক জ্ঞান দিলে ;
বিচলিত হবলৈ নিদি
বিবেকক সুস্থিৰ কৰি ৰাখিলে ;
এদিন কষ্ট আৰু সাধনাৰ ফল
হাতে কামে পালো ;
এটা উচ্চ পদত সন্মানেৰে অধিস্থিত হলো;
সময়ে গতি সলালে ব্যৱহাৰেও ৰূপ বদলালে;
বিবাহৰ বয়স নৌহওতেই কইনাৰ হেঁচা ঠেলা ,
আইয়ে ,মোৰ ‘সোন’ “বৰজন” বুলি
কৰিলে দৰদামৰ মেলা!
পিতাইৰ গৌৰৱত অহংকাৰে ঠাই ললে !
সম্পৰ্কীয় সকলেও প্ৰতিটো মৰমৰ
প্ৰতিদান বিচাৰিলে !
সৰুতে শুনা কথাবোৰ আজি
আচহুৱা লাগিল !
বাস্তৱৰ জগতখন অচিৰেই
অকামিলা হৈ পৰিল !
এদিন সততাৰ মৰমে
মোৰ হৃদয় জিনি আছিল ,
,নাছিল মাথো ধন মান !
সকলো থাকিও আজি বঞ্চিত হলো
প্ৰকৃত আপোনতাৰ পৰা !
বিনিময় বিচাৰি আপুৰুগীয়া মৰমক
নকৰিবা কলুষিত !
স্বইচ্ছাই দি যাম লাগিলে মোৰ
সৰ্বস্ব তোমালোকৰ হাতত!!