জীৱনটো যেন এক ভেলাঘৰ!
যিদৰে কাঠী-কামি ,তমাল-মাৰলি
খুঁটা বাঁহ দুৱাৰ খেৰ-বেৰ খিড়িকী
ঠিক তেনেদৰেই মানুহৰ কংকাল বা জঁকা
চকু-মুখ নাক-কাণ ,মাংস তেজ ,শিৰা-উপশিৰা
ভেলাঘৰ সজাৰ যি আনন্দ ভোজভাত উৰুকাৰ নিশা
অগ্নি প্ৰজ্বলিতং মন্ত্ৰ পাঠ তিনিপাক ঘুৰি পুৱাৰ উৰুলিত হুতাশন!
মানুহৰ একেই আনন্দ জন্ম-যান্ত্ৰনা জীয়াই থকাৰ
সময়ৰ ছন্দত বাঁহ-কাঠৰে দাহন ই’ও এক হুতাশন-
সাতপাক ঘূৰাৰ নিয়ম— মুখাগ্নি
কাৰেবাৰ কবৰ জানাজা
আকৌ আনকাৰোবাৰ কফিন—
সকলো দেখোন অনুভৱ ভেলাঘৰ মোৰ কবিতা!!