প্ৰণামো হে নেতাজী,
ভাৰতবৰ্ষৰ জাতীয় নায়ক।
তেওঁৰ নীতি আদৰ্শ,
দেশৰ হিতে মঙ্গলদায়ক।
অগ্ৰণী নেতা,
স্বাধীনতা আন্দোলনৰ।
তেওঁৰ প্ৰয়াস,
ব্ৰিটিছমুক্ত দেশ স্বপ্নৰ।
জন গণ একত্ৰিত,
‘জয় হিন্দ’ ৰ গৰ্জন।
দেশবাসী ক্ৰোধিত,
ব্ৰিটিছ শাসন বৰ্জন।
আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী,
কৰ্মপদ্ধতি-মতাদৰ্শ ভিন।
কংগ্ৰেছ দিলে ত্যাগ,
নাথাকিল বেছি দিন।
মনোনিৱেশ সদায়,
স্বাধীনতা সংগ্ৰামত।
তেওঁৰ বিশ্বাস,
সমাজবাদী একনায়কত্ত্ববাদত।
থিয় দিছিল,
‘স্বৰাজ’ ৰ সপক্ষতা।
ব্ৰিটিছৰ বিৰুদ্ধে,
হিংসাৰ পোষকতা।
নেতাজীৰ মূল ধাৰণা,
যথেষ্ঠ নহয় অহিংসা নীতি।
সশস্ত্ৰ বিদ্ৰোহৰ সূচনা,
ব্ৰিটিছৰ বিৰুদ্ধে গতি।
ব্ৰিটিছ কৰ্তৃপক্ষৰ প্ৰয়াস,
নেতাজীৰ বাৰম্বাৰ কাৰাবাস।
অনন্ত কষ্টত ভূক্তভোগী,
যক্ষ্মা ৰোগত বসবাস।
যক্ষ্মা ৰোগৰ বাবে,
যদিও পালে মুক্তি।
নেতাজীৰ গৃহত,
চি.আই.দি. ৰ তীক্ষ্ণ দৃষ্টি।
ব্ৰিটিছৰ শাসনত ,
বিৰক্তিত নেতাজীৰ অনুভৱ।
যোগাইছিল দেশবাসীৰ ৰক্তত,
বিদ্যুৎ বেগী বিপ্লৱ।
নেতাজীৰ কথন,
মোৰ জীৱন মোৰ বতন।
হাঁহি হাঁহি মৃত্যুকো সাৱতিম,
দেশৰ স্বাৰ্থত আজীৱন।
দেশৰ বাবে সমৰ্পিত,
মোৰ সমস্ত হিয়া।
মই দিম স্বাধীনতা,
মোক তুমি তেজ দিয়া।