Skip to content
- জানমনি ঐ!
জাননে তই বহাগ আহিলে নহয়,
সাঁচি থবি বৈ থোৱা বিহুৱান খনি,
মই যাম তোৰ কাষলৈ—–
বিহুৱান ডিঙিত পিন্ধাবি মোক,
এইবাৰো বহাগৰ বিহু সাৱধানে পাতিম দেই।
- হিয়াত এবোজা মৰম লৈ
আশা ভৰা মন লৈ ৰৈ থাকিবি দেই,
তোৰ কাষলৈ বিহুৰ দিনা আহিম মই,
অনুভৱৰ বতাহ এজাক লগত লৈ ,
দহোকৰি বন কাতি কৰি থৈ ।
- সময় যে বৰ জটিল ,
তই জানো বুজি পোৱা নাই ,
বসন্ত আহিছে কুঁহিপাত মেলিছে
তই জানো দেখা নাই
তই জানো শুনা নাই
ক’ভিডৰ বীজাণু আহিছে হুৰমূৰকৈ ,
এইবাৰ বিহু হব নে নাই কব পৰা নাই !
- জানমনি ঐ !
উচুপি উচুপি নিচুকাই ৰাখিবি
তোৰ কোমল হৃদয় ,
কান্দোনত ভাগি নপৰিবি দেই—-
লোটক নিগৰাই—-
মজিয়া উটুৱাই নিদিবি তই ,
সাঁচি ৰখা বিহুৱান পিন্ধিম গৈ মই।
- এইবাৰ বহাগ আহিছে ,
কুলি কেতেকীয়ে
গছৰ ডালত পৰি গীত জুৰিছে ,
মিঠা মিঠা মাতেৰে বসন্তক আদৰি আনিছে,
তই একাজলি মৰমেৰে
দৈৰ টেকেলি আছুতীয়াকৈ ৰাখিবি দেই ।
- সাঁচি থোৱা বিহুৱান খনি —-
তোৰ হাতেৰে পিন্ধাবি মোক —
ঢুলীয়াক কৈ থবি —
এইবাৰ বসন্তত মিলিজুলি বিহু পাতিম ,
এপাক নাচিম গৈ তোৰ লগত।