আকাশৰ সিবুকুৰ পৰা হুৰাহুৰে নামি আহিছে এজাক পৰিভ্ৰমী চৰাই
সিহঁতৰ ওঁঠত হেজাৰটি শব্দ বৰ্ণৰ গীত
পলাশজোপাৰ বায়বীয় উশাহত কি জ্বলিছে?
সৌৱা দিনান্তৰত তোমাৰ তেজত ডুবা
মোৰ কলিজাটি চাটিফুটি কৰিছে
তোমাৰ সোণালী তেজৰ জ্যোতিত স্তিমিত জোনাক
জোনটোক ভাঙি ৰঙা কৰোঁ আহা
ৰঙাৰে বোৱাই দিওঁ সৌখন বিমৰ্ষ আকাশ