সুখ, আনন্দ, আবেগ, অনুভূতি
বিশ্বাস, পৰম্পৰা
অবিশ্বাস হতাহতি
আচলতে এইবোৰ ক্ষন্তেকীয়া
সকলোবোৰ মিছা।
মাথো সময় হে সচাকৈ সঁচা।
এই মায়াময় পৃথিৱী ত্যাগ কৰি
যাবগৈ লাগিব সকলোৱে
কোনোবা আগ, কোনোবা পাছ
সময়ৰ সোঁতত অলপ জিৰণি লৈ।
তুমি তাত মই ইয়াত
সময়ৰ সোঁতত যদিও
তুমি সুখী, মই অসুখী
তথাপিও একেই নহয় জানো
তেজৰ বৰণ আমাৰ।
প্ৰত্যেকৰ হৃদয়ৰ গভীৰতাত আছে
আমাৰ প্ৰেম, ভালপোৱা
তথাপিতো ভৌগলিক মিছা সীমাৰেখা
তুমি উজনিৰ, মই নামনিৰ
প্ৰেমৰ সাগৰত হাবু ডুবু খাওঁ অনেক সময়ত।
কেতিয়াবা বান্ধোনৰ সীমাৰেখা
উফৰাই পৰস্পৰে নকৰোঁ জানো হায় কাজিয়া।
জীৱশ্ৰেষ্ঠ মানৱ আমি এই পৃথিৱীৰ
তথাপিও হৃদয়ৰ অনুভবৰ বান্ধোন পাহৰি সময়ৰ সৈতে কাৰো মিছা
ৰাগ, অভিনয়, অভিমান, প্ৰতিদ্বন্দিতা
আচলতে কোনেও উপলব্ধি নকৰে যে
সময়ৰ সঁচা আহ্বান,সঁচা অনুভৱ।