অসমীয়াৰ হিয়াৰ আমঠু
বিহু তিনিটি
পাতি যাওঁ আহাঁ আমি
পুৰণিকলীয়া সংস্কৃতি;
বহাগত ৰঙালীয়ে
প্ৰেমৰ ৰঙ চটিয়াই;
কাতিত কঙালীয়ে
লখিমী আইৰ পূজাতেই যায়;
মাঘত আকৌ ভোগালীয়ে
দুয়োহাতেৰে গোটাই;
পৰিপূৰ্ণ ভঁৰালঘৰ চাই চাই
খেতিয়কৰ আনন্দৰ সীমা সংখ্যা নাই!
আঁহা আমি একতাৰে
বিহুখনকে পাতোঁ;
এসাঁজ দূখীয়াজনকো
ভাগৰ পৰা যাচোঁ!
ক’ৰুণাই আহি দুবেলা দুমুঠি
খোৱালোককো দৰিদ্ৰ কৰি থৈ গ’ল!
উভৈনদী হৈ থকাজনৰ
অন্তৰ আত্মাইনো নকবনে!
কিছু দৰিদ্ৰকো ভোগালীৰ
ভোগ দিওগৈ ব’ল!
“আমি অসমীয়া নহও দূখীয়া”
‘ভূপেন দা ‘য়ে চিঞৰি গ’ল!
মিলিজুলি খালে দুখীয়া বুলি
কাৰনো চিন ৰ’ল!