শীতৰ কুঁৱলীৰ আবেশত
মোৰ মৌন হৃদয়ৰ তন্ময়তা
ভাঙি ভৰি পৰে পুঁৱাৰ
সোনালী কিৰণৰ হেঙুলীয়া
আভা মোৰ মন মগজুত।
কোমল ৰ’দালিৰ সুবাসেৰে
ফুলি উঠে মোৰ হিয়াৰ স্তুপীকৃত আবেগৰ ঢৌ।
সোণহালধীয়া পথাৰৰ
মাজত বহি কঁপি উঠে মোৰ
উন্মনা মন।
পুৱাৰ কোমল বতাহ জাকে
বিলাই যায় আঘোনৰ পথাৰত
ঠন ধৰা বীজবোৰৰ
এটি অতি চিনাকী চিনাকী লগা মিঠা গোন্ধ।
শীতৰ ভৰষাত ফুলি উঠা
কুঁৱলীৰ অসংখ্য শীতলতাই
উজ্জীৱিত কৰি তোলে মোক
মায়াময় জীৱনৰ অতীত বৰ্ননাবোৰ।
হামদৈ পথাৰৰ সীমা নেদেখা
চাৰিওফালে ডাঠ কুঁৱলীৰ আবৰণ।
এই আবৰণৰ চোলা পিন্ধি
ময়ো অনুভব কৰো
এক পৰিচয় বিহীন অনুভূতিৰ
আবেগ।
প্ৰাণোচ্ছল অভিসাৰতমোৰ মনৰ পৰা ওলাই অহা অব্যক্ত
বেদনাৰ নিস্তেজ ৰাগিনীবোৰ
হেৰাই যায় শীতৰে সিক্ত এক
উমাল নিশাত।