কবিতাৰ সৌৰভ বিচাৰি
সুগন্ধি পখিলাৰ ৰঙেৰে
ফাকু খেলি বিলাইছিলা
না না ৰঙৰ আবিৰ।

শব্দৰ মৌসনা মাতেৰে
গায় গ’লা মানৱতাৰ
জয় গান।

সময়ৰ স’তে উৰি উৰি
কেৱল নি:স্ব জনতাৰ
হৃদয় জুৰাই গ’লা।

শীৰ্ণ শৰীৰ
এমোকোৰা হাঁহি
আৰু
দীপ্ত চকুৰ আভাৰে
প্ৰতিভাত কৰিলা
অসমীয়া সাহিত্যৰ
বিশাল ভঁৰাল।

গজাঁলি মেলা
তোমাৰ শব্দৰ শইচৰে
জীপাল হওঁক
কবিতাৰ পথাৰ।।

Related Posts