মই নিলিখো আৰু পপিতা
এটি বিষাদ ভৰা কবিতা
লিখিম দাৰি, কমা, ছন্দ হীন সবিতাৰ কথা।

কাহিলি পুৱাতে উঠি চাওঁ তোমাৰ,
ওলাইছে নেকি হেঙুলীয়া মুখ খনি এবাৰ।


তোমাৰ কিৰণ পাই ওলালো এবাৰ
স্নান কৰোঁ নাদৰ পানী তুলি!
দেহৰ ৰন্ধে ৰন্ধে উজ্বলাই দিলা তুমি
তোমাৰ হেঙুলীয়া পোহৰ সানি।

নিশা সপোন বোৰ কাঢ়ি নিলা তুমি
পুৱা আহি মোৰ হৃদয়ৰ আঁৰে আঁৰে তুমি।


উজ্বলাই তুলিলা মোৰ সেন্দুৰীয়া মুখ খনি
তোমাৰ হেঙুলীয়া ৰহণ সানি।

প্ৰকৃতিয়েও মোলৈ ৰ লাগি চাই,
লাজৰ ওৰণী টানি মই আছো লুকাই ।


মই নিলিখো আৰু পপিতা
এটি বিষাদ ভৰা কবিতা।
মই লিখো দাৰি, কমা, ছন্দ হীণ
সবিতাৰ কথা।

Related Posts