ছোৱালী জীৱন এৰি
বোৱৰী জীৱনত পোৱা
অন্যতম উপহাৰ।
বোৱাৰীৰ শিৰত জিলিকি থকা
তেজ ৰঙা অমূল্য অলংকাৰ।
ইয়েই এটি চিহ্ন মাঠো
সুন্দৰ যুগ্ম জীৱনৰ।

কিন্তু সেন্দুৰে কঢ়িয়াই আনে
কাৰোবালৈ বৰদান
কাৰোবালৈ অভিশাপ
কাৰোবালৈ গৌৰব
কাৰোবালৈ অপমান।
কাৰোবালৈ আনন্দ
কাৰোবালৈ বিষাদ।
কাৰোবাক দিয়ে আপোন ঘৰ
কাৰোবাক দিয়ে গোলামি পৰৰ।

সেন্দুৰেই প্ৰমান দিয়ে
সধবা সাজৰ
নাথাকিলে প্ৰমান কৰে
বিধবা ৰূপৰ।

যি কি নহওক
আদিম যুগৰ পৰা
সেন্দুৰ এক পবিত্ৰ সম্পদ
হিন্দু সমাজৰ।

Related Posts