কৃষ্ণচূড়াৰ ৰঙা ফুলৰ
দলিচাত খোজ পৰোতে
তোমালৈ মনত পৰিছিল
সতী জয়া।
তোমাৰ দেহৰ
কপাহী ৰঙা সাজযোৰৰ স’তে
কপালৰ ৰঙা দগদগীয়া
ফোঁটটোৰে তোমাক
বৰ ধুনীয়া দেখাইছিল।
চাঁওদাঙৰ কত যন্ত্ৰণা সহিও
তুমি সতীত্বৰ মহানতাক
প্ৰতিপণ্ণ কৰি
তাৰ মৰ্যদা অক্ষুন্ন ৰাখিলা।
হয়তো সেয়াই নাৰী ধৰ্ম
স্বামীৰ জীৱন ৰক্ষাৰ বাবে
নিজৰ কপালত জিলিকি থকা
সেন্দুৰকণক মচ খাবলৈ নিদিয়ে কাহানিও।
লুইতে আজিও বিনাই
তোমাৰেই কিৰিতি
হৈ ৰ’ব চিৰ প্ৰৱাহমান
যুগ যুগান্তৰ
পৃথিৱীৰ বুকুত।