নিষ্ঠুৰ নিয়ঁতিৰ
নিশ্বাসত
জীয়াই আছে মোৰ জীৱন।
শূন্য মোৰ বুকু
হেঁপাহৰ ৰঙা দলিচা
মনৰ উল্লাস
আবেগ ভৰা হৃদয়ত
বলিছে এতিয়া বিষাদৰ ধুমুহা।
ধূলিস্যাত হ’ল
দীঘল নিশাৰ
দুচকুৰ সোনালী সপোন বোৰ।
নিশা বোৰে সেদি আহে
এটি দীঘল ক’লা সাপৰ দৰে
দেহত আঘাত কৰি
যেন বিষ বাষ্প বিয়পাই।
ঘনে ঘনে
মোৰ মনত ভাঁহি উঠে
জীৱনৰ শেষ নিশ্বাস ত্যাগী,
সমাধিত বহি
শান্তিৰ সফুৰা খুলিবলৈ।