চিকিম, দাৰ্জীলিং আদি
স্বাস্থ্যকৰ ঠাই,
দেশ-বিদেশৰ পৰ্যটক
ফুৰিবলৈ যায়|
বৰফৰ বৰষুণত
কিযে মজা লাগে,
বৰফত খেলি খেলি
ভাগৰ নালাগে|
সেই দৃশ্য এৰি আহিবলৈ
মনেই নাযায়,
বৰফত খোজকাঢ়ি
বেলেগ আমেজ পায়|
কুঁৱলীৰ ঢাক খোৱা
কিযে পৰিবেশ,
ঘন ঘন বৰষুণৰ
কোনোকালে নহয় শেষ|
মাজে মাজে বৰফৰ টুকুৰাবোৰ
মূৰে- গায়ে পৰে,
শীতল পৰিবেশত
দেহাৰ কঁপনি উঠে|
কিন্তু!
কেতিয়াবা মনে মনে
সেই পৰিবেশৰ কথা
নিজে ভাবি চাওঁ,
যদি সদায় আমি
তাতে থকিবলৈ যাওঁ;
কিযে অৱস্থা আহিব আমাৰ!
ইয়াত একেৰাহে
যেতিয়া ডাৱৰীয়া হয়,
তিনি/ চাৰি দিনলৈ
কাপোৰ নুশুকায়;
ধান আদি শুকাবলৈ
সম্ভৱেই নহয়,
মানুহৰ খোৱা-লোৱাত
কিযে এক দুৰৱস্থা হয়!
চেৰাপুঞ্জীত একেৰাহে
তেনে পৰিবেশেই হয়,
ৰ’দৰ মুখ কোনোকালে
দেখাই নাপায়|
ছিলং নগৰৰ পৰা
বহুত দূৰত আছে,
তাৰ মানুহবোৰ বাৰু
কেনেকৈ চলে!
ফুৰিবলৈ গৈ এদিন/দুদিন
থাকিবলৈ ভাল,
সদায় থকাখিনিৰ কিন্তু
বহুত জঞ্জাল|
কেনেকৈযে তেওঁলোকে
বসবাস কৰিছে,
ভাবিলে আচৰিত হওঁ
কেনেকৈনো চলে|

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *