মোৰ কলিজাৰ নিভৃত কোনত
শব্দ বোৰ নিগাজীকৈ ৰাখিছো সাঁচি।
হঠাৎ কেতিয়াৱা,
কেঁচা তেজৰ বুৰবুৰণিত
শব্দবোৰ ফুলি উঠে
এপাহি তেজ ৰঙী গোলাপৰ দৰে।
নিজান ৰাতি জোনৰ পোহৰত
অকলশৰে চোতালত বহি,
হৃদয়ৰ দুৱাৰ খুলিকথা পাতো
শব্দ বোৰৰ লগত।
নিগৃহিত প্ৰকৃতিও প্ৰাণ পাই উঠে
জোনৰ পোহৰত।
জোনাকী পৰুৱা বোৰেও
জাক পাতি ঢপলিয়াই আহে শব্দৰ সুৰত।
কিজানি বা হেৰাই যাৱ পাৰে
শব্দবোৰ মোৰ হৃদয়ৰ মাজত।