ওৰে ৰাতি সাৰে
কৰোঁ শিৱৰ উপাসনা,
হৰ হৰ মহাদেৱ
আজীৱন শিৱৰ আৰাধনা।

সংকটত সকলোৰে প্ৰাণ
নতুন জীৱন দান,
হল জগত ৰক্ষা
শিৱৰ হলাহল পান।

শিৱৰ কঠোৰ সাধনা
উজ্জ্বলিত বিভূতি বৈভৱ,
মহাশিৱৰাত্ৰীৰ তিথি
ফাগুনৰ ধৰ্মীয় মহোৎসৱ।

Related Posts