হাঁহিম নে কান্দিম
মৰমত বন্দী সেউজী হৃদয়খনক চুই
সিদিনা যে দেখিছিলো কোনোবা নিৰ্জন দ্বীপত
ৰাতিৰ জোনাক হৈ জিলমিলাই থকা
সিদিনা যে অকস্মাতে বোধ হৈছিল
সেউজী হৃদয় মোৰ আঘোণৰ পকা ৰ’দৰ কেঁচা ভূঁই
হাঁহিম নে কান্দিম
আকালৰ ৰ’দত তিতা সেউজী হৃদয় খনক চুই
হাঁহিম নে কান্দিম
সেউজী হৃদয় যে মোৰ
কেতিয়াবা অধীৰ হেঁপাহৰ
কেতিয়াবা অনাকাংক্ষিত বিৰহৰ জুই