গনতন্ত্ৰ এক দিৱস নহয়
নহয় ই এক উৎসৱ।
বহুতো বীৰ বীৰঙ্গনাৰ
তেজেৰে লুতুৰি পুতুৰি
আত্ম বলিদানেৰে
ফিৰংগিৰ হাতৰ পৰা
মাতৃভূমিক পৰাধীনতাৰ
শিকলি চিঙি
সাধাৰন জনতাক
স্বাধীনতাৰ আধিকাৰ দিয়া
এটা অন্যতম দিৱস।
মুক্ত বিহংগৰ দৰে
মুক্ত আকাশত উৰাৰ অধিকাৰ।
প্ৰদান কৰা এটা দিৱস।
ইয়াতেই নিহিত আছে
জনতাৰ অধিকাৰ সমাবেশ।
জনতাৰ বাবে চৰকাৰ
চৰকাৰৰ বাবে জনতা।
গ‌ণতন্ত্ৰই দিয়ে জনতাৰ হাতত
ক্ষমতা বিস্তৰ।
জনতাই পাতে , জনতাই ভাঙে
জনতাৰ হাততেই চৰকাৰ।
১৮ বছৰ সোমালেই মাথোঁ
ভোট দিয়াৰ অধিকাৰ পায়।
এজন ভাৰতীয় নাগৰিক হিচাপে
স্বিকৃতি দিয়া হয়।
প্ৰতিজন ভাৰতীয় নাগৰিকেই
ভোট দিয়াৰ প্ৰয়োজন হয়।
ভোটৰ ওপৰত ভিত্তি কৰিয়েই
চৰকাৰ গঠন হয়।
জন গণে কৰে চৰকাৰ গঠন
সেয়ে কয় গণতন্ত্ৰ।
ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ
কৰো আমি সকলোৱে গৰ্ব।

Related Posts