তুমি কেলেই আহিছিলা এই বেলি
সীমান্তইদি বেদনা গধুৰ হৈ
নিষ্ঠুৰ নিয়তিক লৈ
ৰাজ পথেদি সন্ত্ৰাসী হৈ
কোনো বিৰহীৰ সপোন ভাঙি
সৈনিকৰ তেজেৰে আবিৰ সানি
মৃত বাস্তৱৰ দিঠক লৈ
নিজৰ নামতে ইতিহাস হৈ।
বিগত বসন্তৰ পাত লুটিয়ালো
বহু ছবি তোমাৰে আঁকিলো
প্ৰতিদান কি পালো?
বুকুৰ মাজত একুৰা বন জুই।
ফাগুন!
চ’তৰ সেমেকা ৰাতি তুমি সাৰে আছানে?
মই সাৰে আছো উচুপি উচুপি
বাস্তৱৰ বসুন্ধৰাত এজোৰ
বগা সাজৰ আবিৰেৰে
এজাক এন্ধাৰ সাবতি
বৈধব্যৰ তীক্ষ্ণ বাণৰ আঘাটত
যৌৱনৰ কোঁহবোৰ কলিতে গচকি।
মই সাৰে আছো ফাগুন
শ্বহীদ পত্নীৰ গৌৰৱৰ নিচান লৈ
দুচকুৰে সিঁচি দিছো
দেশৰ মাটি জীপাল কৰি
আৰুটো মোৰ একো নাই।
ফাগুন!
তথাপিও তুমি আহিবাই
স্বদেশৰ বুকুৱেদি
স্বজাতিৰ বাবে
স্বাভিমান লৈ
শান্তিৰ কপৌ জুৰি হৈ।