সপোন সনা
দুচকুত পঢ়িব খোজো
ছন্দোৱদ্ধ কবিতাৰ
পংক্তিৰ ৰসাল
আৱেগবোৰ।
ৰক্তৰঙা কলিজাত
লিখি ৰখা
তোমাৰ নামৰ
প্ৰতিটো আখৰ
এতিয়াও সজীৱ।
আলফুলে
গজালি মেলা
প্ৰেমৰ ফুলবোৰ
বাঢ়িছে লহপহ্কৈ
তোমাৰ আপদাৰত।
গছৰ শিপাৰ দৰে
ছানিছে মোৰ
দেহৰ চৌদিশ
নিগৰি অহা
তোমাৰ নিৰ্মল
জলৰাশিৰ
সান্নিধ্যত।
এইয়াই নেকি
প্ৰেম?