কবিতাৰ ক টোও অনুভৱ
নকৰা দেউতাই সেইদিনা এটি
কবিতা লিখিছিল,হেৰুওৱাৰ কবিতা
বুকু উদং হোৱাৰ কবিতা
সজাইছিল প্ৰতিটো বুকুৰ শব্দ
মাটিৰ শব্দ,মন আৰু সময়ৰ শব্দ
নিজৰ অতীত,বৰ্তমান আৰু
ভৱিষ্যতৰ উদাসীনতাৰ সৈতে
পোৱা নোপোৱাৰ শব্দ
দেউতাৰ কবিতাৰ প্ৰতিটো শব্দত
মই বিচাৰি পাইছিলোঁ
মোৰ শৈশৱ, যৌৱন তথা বৰ্তমানৰ
এখনি স্ফটিক আলোকচিত্ৰ
বোৱাৰী ৰূপৰ সংমিশ্ৰিত প্ৰভাৱে
পোহঁৰাই তুলিছিল দেউতাৰ ৰঙা দুনয়ন
কোনোদিনে মুখ খুলি নোকোৱা
দেউতাই কবিতাৰ প্ৰতিটো শব্দত
চিঞৰি চিঞৰি মোক কৈছিল
“প্ৰতিটো জনমত যেন তই
মোৰ কোলাতেই উমলিবি”
সেইদিনা মইয়ো মোকবধিৰ হৈ মাথোঁ শুনিছিলো
দেউতাৰ কবিতাৰ উচুপনিৰ শব্দ।