চোৰ ঐ, চোৰ ঐ…. সি বোলে “চোৰ”?
মাৰ তাক!ধৰ তাক! শিক্ষা দে তাক।
তাৰ যে অভ্যাস হৈছে “চোৰ”।
আচলতে প্ৰদৰ্শিত হৈছে তাৰ ‘বদ’ অভ্যাস।
কোনোৱে আকৌ গোপনে কৰে অনুশীলন।
আভিজাত্য চোৰৰ সংজ্ঞা আছে সমাজত,
ষ্টেণ্ডাৰ্ড চোৰৰ পৰিসংখ্যা অসীম।
নাটক চোৰ, কবিতা চোৰ, গান চোৰ,
টি. আৰ. পি. চোৰ আৰু বহুতো…………..
আছে কোনো ভাল মানুহ কিন্তু আদৰ্শ “চোৰ”।
দিনৰ সমাজত ভাল হৈ, সভ্যতাৰ বাৰ্তা দেখুৱাই
ৰাতি সুৰাৰ ৰাগীত সম্বিত হেৰুৱাই…..
বন্ধুৰ পৰা অলপমান সুৰা চোৰ কৰি
মাতাল হোৱা জনো “চোৰ”।
সভা-সমিতিত শিশু শ্ৰমিকৰ বিৰোধিতা কৰি,
নিজৰ ঘৰত দুজনকৈ শিশু শ্রমিক সক্ৰিয় কৰি,
পৰিচয় দিছে তেওঁ আদৰ্শবান, কিন্তু তেৱোঁ “চোৰ”।
কৰ্মত নিয়মানুৱৰ্তিতাক পবিত্ৰ দেখুৱাই,
ৰাতি নিজৰ চপাশালৰ পৰা………
তেওঁযে এজন প্ৰভাৱশালী “চোৰ”।
ভাইৰেল ভিডিঅ’ কঁপি কৰি,
নিজৰ পৰ্টেল চেনেলত বজাই;
নিজৰ বুলি কোৱাজনো “চোৰ”।
অনশনৰ নামত দিনত একো নাখায়,
ৰাতি মাংসভোজী হোৱা জনো “চোৰ”।
দৰ্শকক টকা দি নিজৰ টি. ভি. চেনেলটোক
প্ৰশংসিত কৰি টি. আৰ. পি. লোৱা জনো “চোৰ”।
“চোৰ” আছে সকলোতে, ব্যৱহাৰ হয়
বিশেষ্য, বিশেষণ আৰু সৰ্বনাম ৰূপে।
সময় আহিল শুদ্ধিকৰণৰ,পৰিবৰ্তনৰ,
সমাজক চোৰৰ কলঙ্কৰ পৰা মুক্তি দিবলৈ
আৰু ক’বলৈ সি, তেওঁ, আমি যে নহয়
চোৰ…….চোৰ…..আৰু “চোৰ”।