মোৰ আকৌ এবাৰ জানিব মন যায়
তোমাৰ ইতিহাস!
মোৰ আবেগ ভৰা মনৰ সুযোগ লৈ
তুমি ধুমুহাৰ গতিৰে আহি—
থিতাপি ল’লা মোৰ পৱিত্ৰ হৃদয়ৰ মাজত।
মোৰ সৰলতাৰ সুযোগ লৈ,
প্ৰেমৰ বলিয়া ব’তাহত নচোৱাই!
মোৰ হৃদয়ত বিষাদৰ প্ৰেম ঢালি
তুমি নীৰৱে আঁতৰি গলা।
এতিয়া থাকা তুমি দূৰে দূৰে আঁতৰি,
পলে পলে মনত পৰে মোৰ
তোমাৰ সেই স্মৃতি।
তোমাৰ অবিহনে পিঞ্জৰা বদ্ধ পখীৰ দৰে
চট্ফটায় মোৰ হৃদয়।
ৰাতি বোৰে খেদি আহে—
এটা দীঘল ক’লা সাপৰ দৰে।
উশাহত বন্দী হয় নিশা,
অনিদ্ৰাই মেৰিয়াই ধৰে চকুত!
চকু মুদিলেই কিবা এটাই হেচি ধৰে মোৰ বুকুত।
টুকুৰিয়াই দিলেই যেন সৰি পৰিব
নিৰৱতা বোৰ!
এতিয়া এটা ক’লা সাপৰ দৰে,
মোৰ দীঘল ৰাতিটো।
আকৌ ভুমুকি মাৰিব খুজিছা তুমি?
এতিয়া মই এচপৰা শেলুৱৈয়ে চামনি মৰা শিল!
হাতেৰে স্পৰ্শ কৰিলেই—
হাত পিচলি থেকেচা খাৱ পাৰে
তোমাৰ আলসুৱা মুখ মণ্ডল।