গুলপীয়া মুখ খনি
শেঁতা পৰা দেখিলোঁ
উমলি সময় কটাবলৈ,
মন যোৱা নাই।
চোতালৰ জাৱৰৰ দ’মত,
পুৰণা অতীত আছে,
খুচৰিলে বিচাৰি নাপাওঁ,
সেই সুখ পচিল তাত।
দূৰণিৰ পৰা কুলি জনীয়ে
মাতিলে তোমাক,
আজি অচিনাকি লাগে।
প্ৰণয় ভাবৰ জন হেৰাল,
অচিনাকি জন,
অনুভৱত জিৰালে আহি।
তৰুৱা কদম খৰিকাঁজাই,
কৰবাত হে’ৰাল,
বিচাৰি পাবলৈ নাই।
মূগাৰ সাজত আজি
তোমাক দেখা পোৱা নাই
বহাগ জানো অহা নাই?