বিস্তীৰ্ণ জীৱনৰ এখিলা সৰা পাত
ৰঙৰ সপোন দেখি
বলুকা শিলত ছবি আঁকি আঁকি
এটা কবিতাৰ ঘৰ সাজি।
ছন্দৰ হেঙেৰা বেৰৰ মাজেৰে
চন্দ্ৰই হাত বঢ়াই মাতে
মাজনিশাৰ মাজমজিয়াত
মালা গাঁথাৰ সপোনেৰে।
পখিলাৰ গুণ-গুণনি
জোনাক ফুটা ৰাতিত
অপেক্ষাত অমিয়া প্ৰেম উজাগৰে
হৃদয়ত তৃষাতুৰ ফাগুনে
তেজাল ফুল হৈ ফুলে।
হঠাৎ দূৰৈৰ পৰা
ভূমিকম্পৰ এটা জোকাৰণীত
সৰা পাতৰ দৰে সপোনবোৰ সৰে
জীৱনৰ পাতখিলা উৰুৱাই দূৰলৈ
গভীৰৰ পৰা গভীৰ সাগৰত পৰে।
ভাঁহি ভাঁহি সাগৰৰ বুকুত আত্মগোপন
ফাগুনীয়া যৌৱনৰ কোলাহল
শিমলু পলাসৰ যৌৱনাদীপ্ত সুবাস
বিষাদৰ উশাহ হৈ
তাতেই ৰচনা হয়
অৰ্ধভষ্ম প্ৰেমৰ কাব্যৰ সৃষ্টি
বিস্তীৰ্ণ জীৱনৰ এখিলা পাত।