বিষ্ণু ৰাভা
তুমি সাৰে আছানে?
নাই নালাগে সাৰ পাব
তুমি টোপনি যোৱা
নিশ্চিন্ত মনে।
কাৰণ আমিবোৰ
ঘোৰ টোপনিত লালকাল
আমি কুম্ভকৰ্ণ।
জাতি, মাটি, ভেটি
যায় যদিও যাওঁক
ৰসাতলে
নাই আমাৰ ভ্ৰুক্ষেপ।
আমি নিচাসক্ত
ৰাজনীতিৰ পাশাখেলত
মজ্জিত আমি অসমীয়া
জাতি- জনজাতি।
এহাতত থকা বন্দুক
আৰু এহাতত থকা
তোমাৰ কলম আজি অৰ্থহীন, মুল্যহীন ।
তোমাৰ গীতেৰে, নৃত্যৰে
জগাব খোজা
শ্ৰমজীৱি সৰ্বহাৰা
আজি হ’ল ‘হিতাধিকাৰী’
আশাপালি পালি
বালিত মুৰ গুজি থকা
উট পক্ষীৰ জাক।
আজি তোমাৰ প্ৰতিকৃতিত
এগছি চাকি জ্বলায়
ৰজাঘৰে প্ৰজাঘৰে
তোমাক মাতিছে
তোমাৰ হেনো আজি
মৃত্যু হৈছিল।
প্ৰাচীৰৰ ভিতৰৰ পৰাই
তোমাৰ চাগে বৰকৈ
হাঁহি উঠিছে
তোমাক ‘কমিউনিষ্ট’ বুলি
পঘাৰে বান্ধি কাৰাগাৰলৈ
চোচোঁৰাই নিয়া
ৰজাঘৰেও জ্বলাইছে
তোমাৰ ছবিত
এগছি চাকি।
ঘোষণা কৰিছে বঁটা
তোমাৰ নামটো বিক্ৰী কৰি
বাহ বাহ লোৱাৰ
কি যে নিৰ্লজ্জ ভণ্ডামি
হাঁহি নুঠিবনে তোমাৰ?