“ওঁম মনি পদ্মে হুম” বুলি উচ্চাৰণ কৰি ধৰ্মাত্মা লামাই গাড়ীৰ খিৰিকীখন অলপ উঠাই দি গলগলীয়া মাতেৰে অভিনন্দনক মহাপ্ৰভু পদ্মসম্ভাৱাৰ জীৱন কাহিনী কবলৈ আৰম্ভ কৰিলে ৷
প্ৰায় কুৰিখন তন্ত্ৰ আৰু সুত্রত উল্লেখ থকা মতে মহাত্মা অমিতাভে (গৌতম বুদ্ধ) তেওঁ পদ্মসম্ভাৱা ৰূপত পৃথিৱীত দ্বিতীয় বাৰৰ কাৰণে জন্ম গ্ৰহণ কৰিব বুলি আগতেই ভবিষ্যতবানী কৰি থৈছিল ৷ মহাপৰিনিৰ্ভানা সূত্ৰত উল্লেখ থকা মতে এদিনাখন সান্ধ্য প্ৰাৰ্থনাৰ অন্তত মহাপ্ৰভূ অমিতাভে তেওঁৰ প্ৰিয় শিষ্য তথা নিজৰে সম্বন্ধীয় ভাতৃ আনন্দ আৰু আন শিষ্যসকলক ক’লে যে – প্ৰকৃতিৰ নিয়ম অনুসৰি জন্ম লোৱা সকলো প্ৰাণীৰ মৃত্যু অনিবাৰ্য্য ৷ প্ৰকৃতিৰ আহ্বানত মোৰো মহাপ্ৰয়াণৰ সময় আহি পৰিছে ৷ মহাপ্ৰয়াণৰ বাৰ বছৰ ( সেই যুগ অনুসৰি ১২০০ বছৰ) ৰ পাছত মই পৃথিৱীত পদ্মসম্ভাৱা নামেৰে পুনৰ জন্ম ল’ম ৷ মহাপ্ৰভূ অমিতাভৰ মুখৰ কথাষাৰ শুনি গুৰু আনন্দ আৰু অন্য শিষ্যগন শোকত ম্ৰিয়মান হৈ পৰিল ৷ তেতিয়া মহাপ্ৰভূ বুদ্ধই তেওঁলোকক প্ৰবোধ দি ক’লে – পদ্মসম্ভাৱা মোতকৈও অধিক বুদ্ধিমান আৰু বিদ্বান হৈ জন্ম ল’ব ৷ তেওঁ সাগৰ তলিৰ বহুমূলীয়া ৰত্নৰ দৰে ৰোগনিৰাময়ী , চন্দ্ৰৰ দৰে শীতল, ,সূৰ্য্যৰ সদৃশ দিপ্তীমান,সিংহৰ দৰে সাহসী, গড়ূৰ দৰে বেগী আৰু প্ৰবল প্ৰতাপী হৈ ধৰ্মৰ বানী প্ৰচাৰ কৰিব ৷ মই প্ৰদান কৰা হীনযান আৰু মহাযান সুত্রৰ উপৰিও তেওঁ পৃথিৱীত বজ্ৰায়ান সুত্রৰে ধৰ্মৰ স্থাপন কৰিব ৷
লোককথা অনুসৰি অষ্টম শতিকাত জম্বুদ্বীপৰ উৰগেন প্ৰদেশ বৌদ্ধ লামা (বিদ্যা ধৰ) সকলৰ কাৰণে এখন প্ৰসিদ্ধ স্থান আছিল ৷ সেই সময়ত এই উৰগেন ৰাজ্যৰ আঠখন প্ৰখ্যাত শ্মশানত বিভিন্ন ঠাইৰ পৰা অহা লামা আৰু যোগী সকলে তন্ত্ৰ মন্ত্ৰৰ কঠোৰ সাধনা কৰিছিল৷ তাৰোপৰি উৰগেন আছিল দহজন হেৰুকা দেৱতাৰ বসবাসৰ কেন্দ্ৰ স্থান ৷ এই উৰগেন ৰাজ্যৰ নিঃসন্তান চক্ৰৱৰ্তী ৰজা ইন্দ্ৰভূতি সুশাসক আৰু ধৰ্ম পৰায়ন আছিল ৷ ৰজা ইন্দ্ৰভুতিয়ে সকলো প্ৰজাকে নিজৰ সন্তানৰ দৰে পালন কৰিছিল ৷ বহুগৰাকী ৰানী থকা চত্বেও উত্তৰাধিকাৰী নথকা কাৰণে ৰজা ইন্দ্ৰভূতিৰ সুখী নাছিল ৷
শাক্যমুনি মহাপ্ৰভূ অমিতাভ বুদ্ধই ৰজা ইন্দ্ৰভূতিৰে সন্তানহৈ ৰজাক পিতৃত্বৰ আনন্দ দিবলৈ বান্চা কৰিলে ৷
সন্তান লাভৰ কাৰণে নিঃসন্তান ৰজা ইন্দ্ৰভূতিয়ে নিজৰ ৰাজকোষৰ ধন ঐশ্বৰ্য্য দুখীয়া দৰিদ্ৰক পাৰ্য্য মানে দান কৰিছিল ৷ উদাৰ মনৰ ৰজাই দান দিওতে দিওতে ৰাজকোষৰ তলি উদং হৈ পৰিল কিন্ত দান বিছাৰি অহা লোকৰ অন্ত নপৰিল ৷ অৱশেষত ৰজা উপায়ান্তৰ হৈ সাগৰৰ মাজৰ নাগদ্বীপত গৈ নাগকন্যাক উপাসনা কৰাত লাগিল ৷ ৰজা ইন্দ্ৰভূতিৰ আকূল আবাহনত সন্তুষ্ট হৈ নাগকন্যাই ৰজাক এটা অভিলাষী ৰত্ন দান কৰিলে ৷ সেই ৰত্নটো ঘহি যি বিচৰা যায় সেইটোৱেই প্ৰাপ্তি হয় ৷ ৰত্ৰন লাভ কৰি ৰজা হৰষিত হৈ নিজৰ ৰাজ্যলৈ উভতিল ৷
ৰাজকাৰেঙলৈ গৈ থাকোতে বাটত ৰজা ইন্দ্ৰভূতি আৰু তেওঁৰ লগত যোৱা সৈন্য সামন্তই ধনকোষ হ্ৰদৰ মাজত এটা বহুৰঙী পদুম ফুলৰ ওপৰত এটা আঠবছৰীয়া শিশুক বহি থকা দেখিলে ৷ ৰজাই ওচৰ চাপি গৈ দেৱশিশুটোৰ মুখত ধৰ্মৰ অমৃত বানী কথা শুনি বিস্ময় মানিলে ৷ ভক্তি সহকাৰে ৰজাই তেওঁক নিজৰ সন্তান হিচাপে পাবলৈ বিচাৰে বুলি জনোৱাত দেৱশিশুটিয়ে ৰজাৰ কথাত সন্মতি দিলে ৷ দেৱশিশুটিক ৰজাই আদৰ সাদৰ কৰি ৰাজপ্ৰসাদলৈ আনি পদুম ফুলৰ পৰা জন্মা কাৰণে পদ্মসম্ভাৱা নাম প্ৰদান কৰিলে আৰু ডাঙৰ দীঘল কৰি যুৱৰাজ পাতিলে ৷ ৰজা ইন্দ্ৰভুতিয়ে নাগকন্যা প্ৰদত্ত অলৌকিক ৰত্নটোৰ জৰিয়তে বহু ধন সোণ গোটাই উৰগেন ৰাজ্যক পুনৰ সমৃদ্ধিশালী কৰি তুলিলে ৷ আৰু ইপিনে যুৱৰাজ পদ্মসম্ভাৱাই ৰাজপ্ৰসাদৰ লাহ-বিলাহৰ মাজত লাহে লাহে উকমুকনি অনুভৱ কৰিব ধৰিলে ৷ ভৱিষ্যতে চক্ৰবৰ্ত্তী ৰজাহৈ ৰাজসিক সুখৰ মাজত তেওঁৰ প্ৰজ্ঞান প্ৰাপ্তি আৰু ধৰ্ম প্ৰতিষ্ঠা দয়োটা কামেই আধৰুৱা হৈয়েই ৰব বুলি বোধগম্য হ’ল ৷
সেয়েহে তেওঁ যিকোনো উপায়েৰে লাহ-বিলাহেৰে পৃৰ্ণ জীৱনটোৰ পৰা মুক্ত হোৱাৰ অভিপ্ৰায়েৰে এদিনাখন ৰাজ প্ৰসাদৰ চাতৰ ওপৰত হাতত এপাট ত্ৰিশূল লৈ বিশেষ ভংগীমাত তাণ্ডৱ নৃত্য কৰিব ধৰিলে ৷ নাচি নাচি এপাকত হাতৰ ত্ৰিশূল পাত অভিনয়ৰ চলেৰে এজন ধৃত মন্ত্ৰীপূত্রৰ বুকুত বহাই দিলে ৷ লগে লগে প্ৰসাদত টোলপাৰ লাগি পৰিল ৷ ৰাজসভাৰ নিৰ্দেশ মৰ্মে পদ্মসম্ভাৱাক ৰাজপ্ৰসাদৰ পৰা নিৰ্বাসিত কৰি উৰগেন ৰাজ্যৰ পূবত থকা শিল্য-ত্শাল শ্মশানত স্থান দিলে ৷ পদ্মসম্ভাৱাই ৰাজপ্ৰসাদৰ বাহিৰত ভৰি দি পিন্জৰামুক্ত বিহংগৰ দৰে খাদ্য আৰু কাপোৰৰ সন্ধান তশিল্য-ত্শাল,গাও-ত্শাল, শশালিঙ্গ আদি ভূত-পিশাচে পিনপিনাই থকা শ্মশানবোৰত গৈ যাদুকৰী বিদ্য সাধনাত ব্ৰতী হৈ পৰিল ৷ এই নিৰ্বাসিত জীৱনকালত পদ্মসম্ভাৱাই ভাৰতবৰ্ষৰ বিভিন্ন পবিত্র স্থানলৈ গৈ প্ৰখ্যাত বৌদ্ধ সন্যাসী আৰু বিদ্যাধৰৰ ওচৰত যোগ-তন্ত্ৰৰ গভীৰ অধ্যয়ন কৰিলে ৷ পাছলৈ তেওঁ কা-গীয়াদ ডাৰচেক্ দুপা নামৰ অত্যন্ত ৰহস্যময় মহায়োগ তান্ত্ৰিক বিদ্যাত নিপুণ হৈ পৰিল ৷
পদ্মসম্ভাৱাই তান্ত্ৰিক বিদ্যাৰ আধাৰত বৌদ্ধ ধৰ্মৰ বজ্ৰায়ান সূত্ৰ ৰচনা কৰি বিভিন্ন ভাৰতৰ বিভিন্ন অঞ্চলত তান্ত্ৰিক বৌদ্ধ ধৰ্ম প্ৰতিষ্ঠাত ব্ৰতী হৈ পৰিছিল ৷ লোককথা মতে মন্ডী ( এতিয়াৰ হিমাচল প্ৰদেশ) ৰজা অৰ্শধৰৰ একমাত্ৰ দুহিতাই পদ্মসম্ভাৱাৰ আদৰ্শত আকৰ্ষিত হৈ বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল ৷ সেই সময়ত বৌদ্ধ ধৰ্ম ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত নিষিদ্ধ আছিল ৷ ৰজা অৰ্শধৰে নিজৰ জীয়েকৰ কান্ডত হিতাহিত জ্ঞান হেৰুৱাই গুৰু পদ্মসম্ভাৱাক ধৰি আনি ৰিৱালসৰ্ নামৰ ঠাইত এখন চন্দন কাঠৰ চিতাত তুলি বহু পৰিমাণৰ মিঠাতেল ঢালি অগ্নি সংযোগ কৰি দিছিল ৷ প্ৰচলিত জনপ্ৰবাদ মতে চিতাৰ জুই একেৰাহে সাতদিন সাত ৰাতি জ্বলাৰ পাছত সেই স্থানত এটা হ্ৰদৰ উৎপত্তি হৈছিল ৷ হ্ৰদৰ পানীৰ মাজত এপাহি ৰঙীন পদুম ফুলৰ ওপৰত এজন পোন্ধৰ বছৰীয়া কিশোৰৰ ৰূপত গুৰু পদ্মসম্ভাৱা যোগমুদ্ৰাত বিৰাজমান হৈ আছিল ৷ এই অদ্ভূত অলৌকিক ঘটনাটো সংঘটিত হোৱাৰ লগে লগে মন্ডীৰাজ অৰ্শধৰ ভিতিবিহ্বল হৈ গুৰু পদ্মসম্ভাৱাৰ শ্ৰীচৰণত দীঘল দি পৰিছিল ৷ তেওঁ পদ্মসম্ভাৱাৰ ওচৰত বৌদ্ধ ধৰ্মৰ দীক্ষা গ্ৰহণ কৰি বৌদ্ধ ধৰ্মৰ প্ৰচাৰত ব্ৰতী হৈ পৰিছিল ৷
‘ওঁম মনি পদ্মে হুম ‘ বুলি উচ্চাৰণ কৰি হাতৰ জপমালাডাল ধৰ্মাত্মা লামা লবজান থিনলে দৰজীয়ে অভিনন্দনৰ কপালত স্পৰ্শ কৰাৰ লগেলগে সি সম্বিত ঘূৰাই পালে ৷ ধৰ্মাত্মা লামাৰ মুখৰ ৰসাল আৰু বিস্ময়কৰ কাহিনী শুনি গৈ থাকোঁতে কিমান সময় অতিবাহিত হৈ গল সি গমেই নাপালে ৷
থোৰা সময় গাড়ী ৰুকানা হোগা ৷ গুৰু কা সন্দেচ হ্যায়, আগে তকলিফ হোগা ৷ গলগলীয়া অথচ সুক্ষ্ম স্বৰত কোৱা ধৰ্মাত্মা লামাজনৰ কথাষাৰে অভিনন্দনৰ গাটো চেবাই গ’ল ৷
ধৰ্মাত্মা লামাজনৰ নিৰ্দেশ মৰ্মে ড্ৰাইভাৰজনে গাড়ীখন ৰাস্তাৰ কাষত ৰখাই দিলে ৷ অভিনন্দনে হাতৰ ঘড়ীটোলৈ চাই দেখিলে দিনৰ তিনিটা বাজিছে ৷ পাৰো-থিম্ফু সংযোগী ৰাষ্ট্ৰীয় ঘাইপথেৰে যোৱা হেতেন সি ইতিমধ্যেই থিম্ফু পাই গ’ল হেতেন ৷
চিন্তা নকৰিবা বাচা, থিম্ফু আৰু পাবলৈ বেচি সময় নাই ৷ আৰু মাত্র দুঘন্টাৰ পথ ৷তুমিও প্ৰভূ পদ্মসম্ভাৱা ৰিনপোচেৰ কাহিনী শুনি শুনি গৈ থাকিলে কেতিয়া থিম্ফু পাবা গমেই নাপাবা৷ অলপ আগত বিপদ আমাৰ কাৰণে ৰৈ আছে ৷ কিন্ত সকলোবোৰ সময়ৰ অধীন ৷ অলপ সময় ইয়াত ৰৈ দিলেই তাত ৰৈ থকা বিপদৃ আমাক চুব নোৱাৰিব ৷ ৰহস্যময়ী ধৰ্মাত্মা লামাজনৰ মুখৰ কথাখিনি শুনি অভিনন্দন শিঞৰি উঠিল ৷ লামাজন নিশ্চয় মহায়োগ তান্ত্ৰিক নহলে তাৰ মনৰ ভিতৰৰ কথা আৰু ভবিষ্যত দুৰ্ঘটনাৰ কেনদৰে আগজাননী দিছে ৷ নে ই মাত্ৰ কাকতালীয় কথা ৷ ভাবনাত বিভোৰ হৈ অভিনন্দনে গাড়ীখনৰ দুৱাৰখন খুলি বাহিৰলৈ ওলাই আহিল ৷ গাড়ীখনৰ পৰা ওলাই অহাৰ লগে লগে এচাতি বতাহে কঢ়িয়াই লৈ অহা ধুপধুনাৰ মিশ্ৰিত সুগন্ধই অভিনন্দনৰ মন শাঁত পেলাই দিলে ৷ বতাহত উৰি অহা ধোৱাৰ পৰা সি ওচৰতে কৰবাত পূজাপাতল হৈ থকা বুলি অনুমান কৰি তাৰ উমান লবলৈ আগলৈ খোজ দিলে৷