ৰাষ্ট্ৰপতিৰ পৰা মানৱ-বন্ধু খিতাপৰ ক্ষ্মাৰকখন গ্ৰহণ কৰি সত্যবানৰ সাতচল্লিচ খ্ৰী:পূৰ্বত জুলিয়াছ চিজাৰে জেলা সমৰ জিকি কোৱা ‘ভেনি ভিদি ভিচি’ বাক্যাংশ মনত পৰিল৷
হৰেণ মাষ্টৰে সম্বন্ধীয় আৰু চিনাকী শুভাকাংক্ষীৰ দুৱাৰে দুৱাৰে গৈ সহায় বিচাৰি ল’ৰা সত্যৱানক ডাক্তৰ পঢ়ুৱালে৷ পাছত নগৰৰ আঢ্যৱন্ত শহুৰেকে সহজে ধন ঘটাৰ প্ৰলোভন দি সত্যবানক ঘৰজোঁৱাই সজোৱাৰ গোপন অভিপ্ৰায়েৰে চহৰতে নাৰ্চিংহোম খুলি দিব বিচাৰিলে৷
পাছে শহুৰৰ প্ৰবল আপত্তিকো প্ৰত্যাখ্যান কৰি সত্যবানে নিজৰ দুখীয়া গাঁওখনতহে মানৱ সেৱা কেন্দ্ৰ নাৰ্ছিং হোম খুলিলে৷ তাৰ পিছতো সি থমকি নৰ’ল৷ এখন এখনকৈ প্ৰায় কুৰিখন ভিতৰুৱা গাঁৱত মানৱ সেৱা কেন্দ্ৰ পাতি দেশৰ সৰ্বোচ্চ মানৱ-বন্ধু খিতাপ সন্মান লাভ কৰি আজি সি গদ্ গদ্ হৈ পৰিল৷ তাৰ যেন জন্ম সাৰ্থক হ”ল৷ পৃথিৱীলৈ মানুহ হৈ আহি, মানুহৰ বেদনা দেখি এদিন মানুহৰ হৃদয়বোৰো জয় কৰি পেলালে ৷ সেই কাৰণেই তাৰ মনত পৰি গল ভেনি ভিদি ভিচি (আহিলো, দেখিলো আৰু জয় কৰিলো)৷