মাতৃভূমিৰ পদযুগল তিয়াই পেলালে
সন্তানৰ নয়নৰ লোতকে
কন্দা, কন্দা
চাৰিওফালে কান্দোনৰ কৰুণ সুৰ।
সভ্যতাৰ একেবাৰে উচ্চ শিখৰত
আৰোহণ কৰিও
মানুহবোৰ আকৌ নামি আহিছে
বাস্তৱৰ কৰুণ পৰিস্থিতিলৈ
মহামাৰীত বহুতো মানুহ মৰিল।
পীড়িত মানুহবোৰে
হিয়া ধুনি কান্দিছে
বৰ্তমান বাস্তৱ মাথোঁ হুমুনিয়াহ
সুখ আৰু দুখৰ পাখি গজা
কলা – বগা সময়।
কাল সময় বুকুত বান্ধি জীৱনে
আপোন ঘৰৰ চাৰিবেৰৰ মাজত
লুকুৱাই
দেহ মনৰ ওপৰেদি বিষাদৰ
হুমুনিয়াহ এটা বাগৰি যায়।
সময়ৰ দৈন্য অৱস্থাৰ মাজত
ব্যৰ্থ হৈ যাব নেকি আশাভৰা
সপোনবোৰ মিছাৰ স্বৰ্গত।
প্ৰকৃতি নীৰৱ
সকলো নীৰৱ
শূণ্য আকাশৰ তলত যেন
মহাশূন্যৰ বিচৰণ।

Related Posts