আজি আই তোৰ বুকু উদং কৰি
ওলালো মই মাতৃ ভূমিৰ বাবে
আই , তই নাকান্দিবি, আই তই বেজাৰ নকৰিবি,
তই এনে কৰিলে, মই যে দুৰ্বল হৈ পৰিম আই,
যদিও কোনো দিন মৰো মই ভাবিবি তই
তোৰ মৰমৰ সোণামোৱাটি শ্বহীদ হৈছে দেশৰ হকে, আই অসমীৰ বাবে
আই আজি আমিয়ে বচাব লাগিব
নিজ দেশ, নিজ জাতি, নিজ মাটি নিজ ভেটি
সকলো আজি যাওঁ যাওঁ
আই সকলো আজি যাওঁ যাওঁ।
কান্দে বাই ,কান্দে ভাই ,কান্দে ভনী
কিহৰ বাবে ,আই কিহৰ বাবে
আমি এমুঠি হোৱাৰ সময় হ’ল
নহ’ব আমি বহি থাকিলে নহ’ব
নহ’ব আমি মাথোঁ নিজৰ হকে চিন্তা কৰিলে
নহব নহব কেতিয়াও নহব।
আহা সকলো এক হৈ, ওলাই আহা
আইয়ে মাতিছে কাতৰ স্বৰে,
আহ মোৰ বোপাইহত
ওলাই আহ, দেশৰ হকে
ওলাই আহ
নহয় তহত দুৰ্বল, নহয় তহত ভয়াতুৰ
তহত মোৰ সন্তান, মোৰ গৌৰৱ, বোপাইহত।
তহত মোৰ বীৰ পুত্ৰ সন্তান লাচিত সম্,
আহ ওলাই আহ
তহত ওলাই আহ।