মোৰ
আশা বোৰ
শিলৰ ফাঁকে ফাঁকে
গজালি মেলিব।

বুকুৰ
উম বোৰ
ৰ’দৰ তাপত গলিব।

আৰু
ভাপ হৈ
উৰি যাৱ
এজাক মলয়াৰ তালে তালে
সৌ দূৰ দূৰণি লৈ, বৰফৰ দেশলৈ।

পুনৰ
উভতি আহিব
নৈৰ সোঁতে সোঁতে ধৰাৰ বুকুলৈ
শিলৰ ফাঁকত সুপনি লৈ
নতুন আশাৰ পাতনি মেলিবলৈ।

Related Posts