মোৰ অতিকৈ মৰমৰ তই অৰুন্ধতী –
তই যোজনৰ বাটত ৰৈ আছ!
তোৰ উশাহত শব্দৰ কঠিয়াই মোৰ বুকু চুই যায়-
তই মোৰ মানত এপাহ পাৰিজাত তই জানই নহয়:
তোক কিহে সজাম মই–
ফুলৰ মন্ত্ৰৰে নে? উশাহত তোৰ ওঁঠত এক অমৃত মৌ কণাৰে–?
তই যিয়েই বিচাৰ তাকেই দিম দে-
ঐ শুনচোন — তই গোপনে গোপনে আহি থাকিবি অ’
কামচৰাইৰ ৰঙা ঠোঁট দৰে তোৰ হাঁহিটো
তই কিন্তু তেনেকৈয়েই থাকিবি দেই!!