এটি এটি কৈ সৰি পৰিল
মোক আকলুৱা মৰমৰ গোলাপৰ পাহি।
ভৱা নাছিলোঁ মোৰ আলসুৱা গোলাপৰ পাহি বোৰ,
অকালতে মৰহি যাব বুলি।
সবুজ প্ৰকৃতিৰ বুকুত
তেওঁ মোৰ আলসুৱা ফুলৰ ৰাণী।
তেওঁৰ সুখত মই সুখী তেওঁ দুখত ময়ো দুখী
বিহুৰ বতৰত গুছি গ’ল মোৰ হৃদয়ত বিষাদ ধালি।
পাহি বোৰ সৰি পৰে এটি এটি কৈ,
কাৰ বেজাৰত নাজানো।
জকমকাই হাঁহি হাঁহি ফুলি থকা পাহি বোৰ
মোৰ দুটি নয়নত আজিও ভাহি উঠে।
জোনাক ৰাতি হাঁহিৰে উপচাই,
তৰা বোৰে কথা পাতে আৰু সেই তৰা বোৰে নিসংগ হৈ আজিও নীৰৱে চকুলো টুকে।
মোৰ উদাস মনৰ গভীৰতাত
আজিও ফুলি আছে সেই পাহি গোলাপ।
যাৰ স্মৃতিৰ কাতৰতাত ডুবি মনত পৰিলে
দুয়ো চকুৰে নিগৰে চকুলো দুধাৰি।