হেঁপাহৰ বৰষুণজাকত তিতিবুৰি
গাঁৱৰ তিনিআলিৰ মুৰত আমি ৰৈ থাকো
দৃষ্টিয়ে ঢুকি পোৱালৈকে উৎসুক আমি
“নাৰায়ণ”ৰ মুখদৰ্শনৰ বাবে অপেক্ষাৰত
সৃষ্টিৰ কঠিয়া সিঁচি আত্মহাৰা প্ৰাণত
পুলকৰ অনিৰ্বাণ জ্বলাই “নাৰায়ণ” সমাগত
“দেউতাৰ উপদেশেৰে,মাৰ আশীৰ্বাদেৰে”
ধূলিয়ৰি সুবাস এটি দীঘলকৈ উশাহত টানি,
নতুন সপোন এটি দুচকুত ওলমাই গুণগুণাও
“অভিযাত্ৰী আমি অসীমৰ”
দলদোপ হেন্দোলদোপ যাত্ৰীৰ ভিৰত,
দুলি দুলি লয়লাস ভঙ্গীমাৰে তৰংগায়িত
এটি আকাংক্ষাৰ হাতত ধৰি স্বপ্নাতুৰ এদল পথিক
ধূলি ধূঁসৰিত বাটটিৰে “নাৰায়ণ”ৰ বোকোচাত
লক্ষ্য আমাৰ অসীমৰ “নাই ভয় নাই ডৰ”
উত্তৰণৰ দীঘলীয়া পথৰ বুকুৱেদি অবিৰল ধাৰা
আকাশ চুবৰ মনেৰে অবিৰত যাত্ৰা
সেন্দুৰী বেলি এটি আচলত আঁকি, শুভ্ৰতাৰ পোহাৰ মেলি
জ্ঞানৰ মন্ত্ৰ হৃদয়ত জপি
“অভিযাত্ৰী আমি অসীমৰ”