ফুটা কপাল পুণু ফুটাবলৈ
দুৰ্য্যোগ দুৰ্ভীক্ষ দুৰ্ভাগ্যৰ অপ্ৰতিৰোধ্য ধুমুহালৈ
ফেনে ফোটোকাৰে আকৌ আহিব নৈ
আকৌ আহিব বান
তৃষা তৃষ্ণা স্বপ্নবোৰ মোহাৰি মোহাৰি
অসহনীয়তাৰে অসহায় হিয়া ভাঙিবলৈ
লাঙলোৱা আমাৰ জীৱন গাঁঠা
ডাং দিয়া ঢোকা দিয়া ঘৰ
ৰৈয়ে আছে বাৰিষাৰ বানত উটি যাবলৈ
আভিজাত্যবাদী অভিলাসী জীৱনত
সূৰ্য্যৰ সেউজীয়া সৌধ গঢ়িবলৈ
অশ্ৰুসিক্ত তিক্ততাদীপ্ত
বিপদ বিষাদ বিস্তীৰ্ণ সৰ্বহাৰা আমি
আমি মথোন যুঁজি যুঁজি জীয়াই থাকো
সৰ্বহাৰাহৈ নৈৰ সোঁতে সোঁতে
আগুৱাই যাবলৈ
অৰ্ধমৃত অৰ্ধভস্মীভূত হৈ
মৰি মৰি টোকোনাহৈ জীয়াই থাকিবলৈ
ফটা গামোছাৰে বন্ধা পেতৰ
ভোকৰ জুইৰে জ্বলা অৱস বিৱস দেহৰ
তীব্ৰ জ্বালা যন্ত্ৰনা পাহৰি পাহৰি
প্ৰতিকুলতাপ্ৰসাৰী দাৰুণ দুৰ্যোগৰ সতে
দুৰ্বাৰ যুঁজি যুঁজি দিগ্বিদিক ফুৰো ঘূৰি
কিযে দৈৱ দুৰ্বিপাক
কচু ঢেকীয়াও লুকাই আমাক দেখি
দুৰদৃষ্ট দুনিয়াৰ দুৰ্গত আমি
দুৰ্ভাগ্য দুৰ্ভীক্ষ দুস্তৰতাৰ নিত্য বলি
দুৰ্দান্ত দুৰ্যোগৰ দোৰ্দণ্ড প্ৰতাপত
পঙ্গু আমাৰ জীৱনশৈলী
দেশান্তৰী চিন্তাই যদিও যায় উতলাই
কিয় জানো নৈপাৰ এৰিবই নোৱাৰি
নেজানো কি অজান মোহে আমাক
অহৰ্নিশে সজোৰে ৰাখিছে সাৱতি
আকৌ আহিব বান কৰিব থান বান
তথাপিও থাকিব লাগিবই জীয়াই
দুখ দুৰ্গতিৰ দুৰ্যোগ দুৰ্দান্ত দুৰ্দশাকেই সহি
দৃশ্য অদৃশ্য দোৰ্ঘোৰ দৌৰাত্মৰ দুৰভিসন্ধি
দোৱাই দোৱাই দলদোপ হেন্দোলদোপে সহ্য কৰি
ফুটুকা ফুলৰ ৰঙেৰে বোলোৱা
এনেকুৱাই আমাৰ জীৱনৰ জীৱন্ত ছবি
নৈয়ে ভাঙে আমি গঢ়ো
বছৰি ভাঙে বছৰি গঢ়ো
নিষ্পেষণ নিপিড়নৰ আমি যুগে যুগে
ষড়ঋতুৰ আমি আতন্দ্ৰ প্ৰহৰী
আকৌ আহিব বান
নাই কোনো পৰিত্ৰাণ
আজীৱন যুঁজাৰু আমি অবিৰাম যুঁজি যাম
দুষ্পাচ্য সংগ্ৰামেই আমাৰ জীৱনৰ পৰিনাম
তেতিয়া থাকো আমি বানত উটি বুৰি
দুৰ্বাদল দুৰ্দান্ত দুৰ্দশা অহৰহ সহ্য কৰি
দুৰ্নীতিবিলাসী দুস্কৃতিকাৰীৰ ভাগ্য উঠে ফুলি
তথাপিও নিঃশেষ নহয় আমাৰ মুখৰ হাঁহি
আমি আমাৰ জীৱন নোৱাৰো তুলিব সজাই
যুগে যুগে আমি মাথো আহিছো আগুৱাই
জীৱনৰ সৰ্বস্ব হেৰুৱাই হেৰুৱাই
ফুটুকা ফুল আমি
আধুনিকতা উপেক্ষিত আধ্যাত্মিকতা সন্নিবিষ্ট
এনেকুৱাই আমাৰ জীৱন পঞ্জী
প্ৰতিযোগিতা প্ৰতিবাদ একোৱেই নকৰো
হাবিয়ে বননিয়ে আলিয়ে গলিয়ে
নদীৰ পাৰে পাৰে ধাপে ধাপে চাপৰিয়ে
পৃথিৱী আৰু প্ৰকৃতিৰ সতে মিলি জুলি
আপোনমনে মাথো থাকো ফুলি