আজি কেইদিনমানৰ পৰা ৰুপু মনটো অস্থিৰ হৈ আছে। বহুত দিন হ’ল তাৰ আইতা ঘৰলৈ অহা নাই। ৰুপু ষষ্ঠ শ্ৰেণীত ছাত্ৰ। আজি দেওবাৰ,মাকে কৈছে “আইতাই ফোন কৰি কৈছে দেওবাৰে আহিব”। আইতা আহিব বুলিয়েই ওগুল থুগুল মন। ৰুপু ৰ আইতাক শিক্ষয়িত্ৰী ,কৰ্ম সুত্ৰে চহৰত থাকে। ৰুপু ক পঢ়া শুনা কথাবোৰ বৰকৈ বুজাই থাকে।সদায় কয় “শিক্ষিত হব লাগিব লগতে ভাল মানুহ হব লাগিব। প্ৰকৃত মানুহ হবলৈ হ’লে উচ্চ শিক্ষাত কৈ নীতি শিক্ষা বেছি প্ৰয়োজন। আৰু কব এটো নকৰিবা,সেইটো নকৰিবা,এনেকৈ কৰা ,কিমান যে কথা। আইতা ই মৰম কৰেনে বক্তৃতা দিয়ে ধৰিব নোৱাৰি। “আইতাৰ কথা ভাবি থাকোতেই আইতা আহি ৰুপুৰ ওচৰত আহি থিয় হ’ল।
ৰুপুলৈ চাই ক’লে “সোন কি কৰিছা”।
ৰুপু য়ে আইতা বুলি চিঞৰি উঠিল। ৰুপু য়ে ক’লে আইতা তুমি পালেহি। এই বুলি কৈ ভৰি চুই সেৱা কৰিলে ।আইতা ও মূৰ মোহাৰি মৰম কৰি সাৱতি ধৰিলে।
ৰুপু য়ে জানে আইতাই অহা লগে লগে তাক সাৱতি ধৰে। কিন্তু সি আইতা ভৰি চুই সেৱা কৰিলে বৰ ভাল পায়। সেই কাৰণে আইতাই ভালপোৱা কাম কৰিবলৈ সি সদায় চেষ্টা কৰে। “আইতা ভিতৰলৈ আহা বুলি ৰুপুৱে আইতাৰ হাতত ধৰিলে। আইতাকে ক’লে “ৰ’ৱা আগতে তোমালৈ উপহাৰ আনিছো এইয়া দুটা গছ পুলি। তুমি গছ পুলি কেইটা পানী দি ছাঁত থোৱা। গধুলি দুয়ো ৰুম”
ৰুপু য়ে ক’লে “বাহঃ বৰ ভাল হব।গছ থাকিলেহে আমি জীয়াই থাকিম”।ৰুপুৱে গছ পুলি কেইটা পাছ ফালে লৈ গল। ৰুপুৰ মাকে আহি ৰুপুৰ গাত চেনিটাৰাইজ টো আনি স্পীৰে কৰি দিলে।