ধৰিত্ৰীৰ বুকুত ৰুইছিলো
এডৰা সেউজীয়া;
ঘাঁমৰ টোপালবোৰ মাটিত পৰি হৈছিল
সোণবৰণীয়া: খেতিডৰাৰ ভৰসাতে
মোৰ জীৱনযাত্ৰা;
বিধি পথালি যাতে নহয়
কৰিছিলো ঈশ্বৰক সদায় মই প্ৰাৰ্থনা;
নালাগে মোৰ ৰাজ অট্ৰালিকাৰ
অস্থায়ী সুখ!
মাটিৰ মানুহ আমি মাটিয়ে হৰিব
আমাৰ সকলো দুখ!
আঘোণৰ পৰসত আশাৰ ফচলবোৰ
সোণোৱালী হৈ পৰিল;
লখিমী আইৰ নিৱাস
মোৰ খেতি ডৰাত !
দাবলৈ যাওতে মাত লগালে,

সোণগুটি থবা যত মইও থাকিম তত
ঘৰত লখিমীৰ প্ৰৱেশ ঘটিল
ভঁৰালঘৰ কোনো দিনেই মোৰ উদং নহল
খেতিয়কৰ ঘৰত লখিমীৰ
চঞ্চলা চপলা কৈ
বসতি হৈ ৰল!!

Related Posts