আকাশৰ সিবুকুৰ পৰা হুৰাহুৰে নামি আহিছে এজাক পৰিভ্ৰমী চৰাই
সিহঁতৰ ওঁঠত হেজাৰটি শব্দ বৰ্ণৰ গীত
পলাশজোপাৰ বায়বীয় উশাহত কি জ্বলিছে?

আকাশৰ সিবুকুৰ পৰা হুৰাহুৰে নামি আহিছে এজাক পৰিভ্ৰমী চৰাই
সিহঁতৰ ওঁঠত হেজাৰটি শব্দ বৰ্ণৰ গীত
পলাশজোপাৰ বায়বীয় উশাহত কি জ্বলিছে?
জীৱনৰ কক্ষপথৰে
যৌৱনৰ পদুলি মুখত
ফুল ফুলাৰ সন্ধিক্ষণত
প্ৰেমৰ সুগন্ধি সুৱাসে
পদূলিত উখলমাখল প্ৰাণৰে ৰঙালী বিহুৰে প্ৰাণোচ্ছল আখৰা৷
ৰঙাকৈ আঁচোৰে বুটা বচা গামোচা খনি তোমাৰ নামতে সামৰো৷৷
ঢেঁকীৰে চাবত কঁপিছে লিচিক লিচিকি কৈ লাহী কঁকালৰে ভাঁজ৷
জুৰুলি জুপুৰি কৈ তিতিছে লিপিট খাই দেহত ৰিহাৰ আঁচলৰে আগ৷৷
মই হয়তো
কবিতাৰ বাবেই জীয়াই আছো
কবিত্বৰ মহত্ত্বৰে মুগ্ধ মোৰ আত্মাৰ অনুভৱেৰে
মই নিত্য সত্য সৌন্দৰ্যৰ সুৱাসী সপোন দেখো