কাঠচুৰিৰ অপৰাধত ছমাহ জেলৰ ভাত খাই দেবেন আজি সদৰৰ পৰা গাওঁ পালেহি ৷ লাজে আৰু অপমানত সি দিনটো ঘৰৰ ভিতৰতে সোমাই আছিল ৷ সন্ধিয়া চকা ডুবাৰ কিছুসময়ৰ পাছতেই তাহাঁতৰ পুৰণি আড্ডাৰ চাৰি পান্ডৱ আহি দেবেনৰ ঘৰত হাজিৰ হ’ল ৷ দেবেন, জীৱন, খৰ্গেই, বেনু আৰু কীৰতি পাচোঁজনৰ সৰুৰে পৰা
Month: March 2021
বাংগালোৰ চহৰৰ বেল ৰোডৰ ফুটপাথত তেজ এডোঙা আৰু সৰু চেন্ডেল পাত দেখি অৰুনাভৰ বুকুখন মোচৰ খাই গ’ল৷ কালি সি বেল ৰোডলৈ আহোতেই চৰকাৰৰ বিদ্যুত বিভাগে ফুটপাথৰ মাজত থকা লোৰ বিজুলীখুটা কেইটামান কাটি থকা দেখিছিল৷ বিভাগীয় গাফিলতিৰ কাৰণে লোৰ অবশিষ্ট অংশ সমুহ ওলাইয়ে থাকি গ’ল যাৰ ফলত দুৰ্ঘটনাটো ঘটিল বুলি বুজি পালে৷
আকৌ এবাৰ
ফাগুন আহিছে,
মদাৰ ফুলিছে
গছে গছে।
ওৰে ৰাতি সাৰে
কৰোঁ শিৱৰ উপাসনা,
হৰ হৰ মহাদেৱ
আজীৱন শিৱৰ আৰাধনা।
তোমাৰ কণ বিচ্ছেদত
বৃদ্ধি বুকুৰ ধপধপনি,
ৰিক্ত সময়ৰ সোঁতত
ৰিক্ত হিয়াৰ উচুপনি।
নাৰী মই
মাতৃত্বৰ ভ্ৰুণ এস্তমান ৰূপহী
বাসন্তীৰ বিন্দুজ্যোতি
গতি মোৰ জগত জোঁকাৰি
নিত্য নতুন যশস্যাৰ অনুৰাধা
দিন গল মাহ গ’ল
আহিল ফাগুনৰ প্ৰথম পুৱা,
কৃষ্ণ পক্ষৰ শব্দহীন নিশা
আজি জোনাক সৰা প্ৰথম পুৱা।
২০১৪ চনৰ চেপ্তেম্বৰ মাহৰ কথা৷ অভিনৱ তেতিয়া জেচিবি কোম্পানীৰ গুৱাহাটীৰ ৰিজিওনেল অফিছত ৰিজিওনেল হেভিলাইন মেনেজাৰ হিচাবে কৰ্মৰত আছিল ৷
সেই দিনাখন মেঘালয়ৰ লুমচুলঙৰ পৰা কিছু দূৰৈৰ পাহাৰৰ মাজত থকা
বিস্তীৰ্ণ জীৱনৰ এখিলা সৰা পাত
ৰঙৰ সপোন দেখি
বলুকা শিলত ছবি আঁকি আঁকি
এটা কবিতাৰ ঘৰ সাজি।