ৰঙৰ উৎসৱৰ দিনত
তোমালৈ পৰিছে মনত,
ভালপোৱাৰ যি ৰং সানিলা হৃদয়ত
কলিজা উতলা হ’ল
Month: March 2021
সেই জীৱনৰ দিন বোৰেই আহিছো পাৰ কৰি
কৰ্মৰ বাদে জাৰ জহ বৰষুণ যি নেপায় চিনি
সহ্য ধৈৰ্য্য যুদ্ধই যাৰ আজন্ম সতেজ লগৰী
শোষণ নিষ্পেষণ নিপীড়নৰ যি অহৰ্নিশে বলি
জোনাক বিহীন এন্ধাৰ নিশা,
খিৰিকিৰ ফাঁকেৰে,
নিশব্দে দুৰ্স্বপ্ন বোৰ
কাষ চাপি আহে।
কিছুদুৰ আগুৱাই আহি কেকুৰীটো ঘূৰিয়েই অভিনন্দনৰ পথৰ দাঁতিত এটা মাটিৰে নিৰ্মিত প্ৰকাণ্ড ধুনিৰ ওপৰত চকু পৰিল ৷ বতাহত ধুনিটোৰ পৰা উৰি থকা সুগন্ধিত ধোৱাই গোটেই ঠাইখন তাৰ পবিত্ৰ যজ্ঞস্থলীৰ দৰে লাগিল ৷ ধুনিৰ কাষত পাহাৰৰ গাত থকা শিলৰ ফাক বোৰত ৰঙ বিৰঙৰ অসংখ্য সৰু সৰু বৌদ্ধ স্তুপাৰ আকৃতিৰ মূৰ্তি চকুত পৰাত অভিনন্দনে তাৰ কৌতুহলী মনটোক ধৰি ৰাখিব নোৱাৰি শিলৰ ফাকটোলৈ আগুৱাই গ’ল ৷
অনুভৱৰ মাজত বিচাৰো তোমাক,
তুমি দূৰলৈ গুচি নাযাবা ,
চুই চাব বিচাৰোঁ তোমাক ,
তুমি কিয় বিচৰা অন্য এখন হিয়া!
মই হয়তো
কবিতাৰ বাবেই জীয়াই আছো
কবিত্বৰ মহত্ত্বৰে মুগ্ধ মোৰ আত্মাৰ অনুভৱেৰে
মই নিত্য সত্য সৌন্দৰ্যৰ সুৱাসী সপোন দেখো
চিৰ যুগমীয়া তুমি
অসমে বিচাৰে যাক,
হে শ্বহীদ!
সস্তাঙ্গে প্ৰণামো তোমাক।
জাতি-মাটি-ভেঁটি ৰক্ষাত
কবিতা ভাল পোৱা ল’ৰাটো
এদিন মোৰ প্ৰেমত পৰিছিল,
কলিজাটো মোৰ দুহাতত তুলি দিবলৈ
উদবাউল হৈ পৰিছিল।
মই ক’লো এতিয়া যে মই