তোমাৰ কলিজাটো এতিয়া
মোৰ বুকুৰ মাজত লৈ ফুৰিছোঁ
দুচকুৰ নীলাৰে বৈ বৈ
প্ৰাণত প্ৰেমৰ কঠিয়া সিঁচি
বহিছা সেউজীয়া দলিচা পাৰি।

তোমাৰ কলিজাটো এতিয়া
মোৰ বুকুৰ মাজত লৈ ফুৰিছোঁ
দুচকুৰ নীলাৰে বৈ বৈ
প্ৰাণত প্ৰেমৰ কঠিয়া সিঁচি
বহিছা সেউজীয়া দলিচা পাৰি।
শীতৰ সেমেকা ৰাতি
কৰপৰা আহিল
অম্বিকাগিৰি
জোনৰ পোহৰত
আহিছোঁ ওলাই,
এদিন কথা দিছিলা
আগুৱাই যোৱাৰ
হাতে-হাত ধৰি
জোনাক বিধৌত এক মায়াভৰা পথেৰে
মই ৰূপহী জোনাক
মই প্ৰজ্বলিত দীপক
প্ৰহৰী আন্ধাৰ নিশাৰ
মই সমন্বয়ৰ এটি সেতু
প্ৰতিটো পলতে মোৰ হৃদয়ত অনুৰণিত হয়
তোমাৰ গীতৰ কণ্ঠ আৰু
দুচকুত ভাঁহি উঠে তোমাৰ
জীয়া প্ৰতিচ্ছবি খন।
গছৰ কোমল কুঁহিপাত
সুৰঞ্জিত বিভূষণত,
কবিৰ হিয়া উৎফুল্লিত
কুলি-কেতেকীৰ মধুসুৰত।