মই কবিতা লিখো
কবি হোৱাৰ মানসেৰে নহয়
মই কবিতা ভালপাওঁ
এই কাৰণেই
ছন্দময়ী কবিতাৰ স্পন্দনে

মই কবিতা লিখো
কবি হোৱাৰ মানসেৰে নহয়
মই কবিতা ভালপাওঁ
এই কাৰণেই
ছন্দময়ী কবিতাৰ স্পন্দনে
সৃষ্টিৰ ৰহস্য মানৱ জীৱন
ঈশ্বৰৰ এক অনুপম অৱদান।
আহিছে মানুহ গৈছে মানুহ এই পৃথিৱীত
যশ খ্যাতিৰে ইতিহাস ৰচি বুৰঞ্জীত।
ন সূৰযৰ প্ৰভাতী কিৰণে
নতুন দিগন্তৰ সন্ধান দিব,
সকলোৰে দুখবোৰ ধুই নিব
অন্তৰত আঘাতবোৰ নোহোৱা হব
বেদনাৰ জুইকুৰা নুমাই যাব,
শীতৰ স্নিগ্ধ পৰশত
উদ্ভাসিত প্ৰতিটো ক্ষণ
জীৱনৰ আঁউসী বিলীন হৈ
জোনাকৰ লহৰ সানি
জীৱন্ত হওঁক প্ৰতিটো মধুৰ দিন।
৩৬৫দিনে এটা বছৰ
ওৱালত আৰিথোৱা ঘড়ীৰ
কাটাৰ দৰে অবিৰাম গতিৰে
আগবাঢ়ে সময়ে।